এটি আশাৰ সপোন
সুবিশাল আকাশ
স্নিগ্ধ জোনাক
আৰু আঘোণৰ পথাৰ
সোনালী
তোমাৰ অশাভৰা দুনয়নত
দেখো
বৈ অহা সুগন্ধি
মলয়াৰ
নিজান স্প্ন্দন হৃদয়ৰ
কিযে অনুপম অনুভৱ মোৰ
দুনয়নত দেখো মই
তোমাৰ,
বুভুক্ষিত জনতাৰ আশাৰ
সপোন !
অনাবৃষ্টি, শিলাবৃষ্টি
সকলো নেওছি
কৰা মোৰ হৃদয় পথাৰ
সেউজী ।
বাট চাই ৰ’ম মই,
আকৌ এদিন চাবলৈ
স্নিগ্ধ জোনাক
নিশা,
অনিৰ্বাৰ হৈ অহা
তোমাৰ আশাভৰা সপোন
নয়ন যুগলৰ ।
No comments:
Post a Comment