প্ৰতীক্ষা
- কামদেৱ কুমাৰ দাস
কালজয়ী দলিলৰ উহ
বিচাৰি
মুক্ত আকাশৰ তলত
নি:শব্দ পৃথিবীত
জয়াল ৰাতি উজাগৰে
থাকো মই ,
তোমাৰ প্ৰতিক্ষাত
।
মই জানো তুমি আহিবা
!
শিয়ালৰ বিকট চিঞৰ
,
কিম্বা উল্কাৰ
বিষন্ন পোহৰত,
ৰুদ্ধ নহয় তোমাৰ গতি
মই জানো তুমি দুৰ্ব্বাৰ,
বাধাৰ প্ৰাচীৰ
ভাঙি
কালজয়ী দলিলৰ উহ
বুটলি ,
জনমানসত জ্বলাম
আমি
জ্ঞানৰ চাকি !
মই জানো তুমি আহিবা
।

No comments:
Post a Comment